(15 August 2022) Independence Day Speech in Assamese in PDF Download, স্বাধীনতা দিৱসৰ ভাষণ

(15 August 2022) Independence Day Speech in Assamese in PDF Download, স্বাধীনতা দিৱসৰ ভাষণ: 15th August is the most important and precious day for all the Indians as the Indians are celebrated the Independence Day on 15th August every year. This year all the Indians will enjoy and celebrate the 75th Independence Day on 15 August 2022. As many of the Indians are searching for a speech so here we will provide you with the Independence Day Speech 2022 in the Assamese Language.

Advertisement
Independence Day Speech in Assamese
Independence Day Speech in Assamese

Here, we will share with you all the important aspects of the Independence Day Speech in Assamese. So, read the article till the end to grab all the details easily and accurately.

Details of Independence Day Speech in Assamese

Article is AboutIndependence Day Speech in Assamese
Year2022
LanguageAssamese
FormatPDF
ModeOnline
Official Websitehttps://www.india.gov.in/

Also Read:

Independence Day Speech in Assamese PDF Download

১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনাখন ভাৰতবৰ্ষই প্ৰায় ২০০ বছৰীয়া ব্ৰিটিচ শাসন-শোষণৰ পৰা মুক্তি লাভ কৰে৷ তেতিয়াৰে পৰা প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটো সমগ্ৰ দেশতে ‘স্বাধীনতা দিৱস’ হিচাপে যথেষ্ট উলহ-মালহেৰে পালন কৰা হয়৷ ই আমাৰ ‘সৰ্বশ্ৰেষ্ঠ’ তথা ‘পৱিত্ৰতম’ ৰাষ্ট্ৰীয় উৎসৱ৷ ভাৰত/ভাৰতীয়ৰ গৌৰৱৰ প্ৰতীক৷ কিন্তু …..

অসম আন্দোলনৰ দিন ধৰি স্বাধীনতা দিৱস,গণতন্ত্ৰ দিৱসৰ দৰে মহান ৰাষ্ট্ৰীয় উৎসৱ উদযাপন কৰাৰ পৰা অসমৰ ৰাইজক বঞ্চিত[বন্ধ/বৰ্জন ঘোষণা…প্ৰশাসনে বাধ্য হৈ গ্ৰহণ কৰা কঠোৰ(?)নিৰাপত্তা ব্যৱস্থা,] কৰি অহা হৈছে৷ ই কোনো বিশেষত্ব/তাৎপৰ্য হীন কেৱল গতানুগতিক চৰকাৰী দিৱসহে – বহুতৰে মনত এনে ধাৰণাৰ সৃষ্টি হৈছে৷ নতুন প্ৰজন্মইতো কেৱল কিতাপৰ পাতত পঢ়াৰ বাহিৰে এই দিৱসৰ তাৎপৰ্য উপলব্ধি কৰিবলৈ সুযোগেই পোৱা নাই৷ দীঘলীয়া সংগ্ৰাম, সহস্ৰ-লক্ষ জনৰ ত্যাগ,বলিদানৰ বিনিময়তহে যে আমি ‘স্বাধীনতা’ লাভ কৰিবলৈ সক্ষম হৈছোঁ – সেই কথা আজি উপলব্ধি কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে৷ লক্ষ্মীবাই, মংগল পাণ্ডে, ভগত সিং, মহাত্মা গান্ধী,নেতাজী, জৱাহৰলাল, চৰ্দাৰ পেটেল, আবুল কালাম আজাদ আদিৰ লগতে গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, কুশল কোঁৱৰ, কনকলতা,…আৰু বহুতো খ্যাত-অখ্যাত দেশপ্ৰেমিকে ৰোপণ/প্ৰতিপালন কৰা বীজৰ ‘ফল’ আজি আমি ভোগ কৰিবলৈ সক্ষম হৈছোঁ৷

দেশৰ স্বাধীনতা/স্বাধীনতা দিৱস/ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ অৰ্থ এই ছহিদসকলকে অপমান কৰা নহয় জানো? নমস্য মুক্তি যুঁজাৰুসকলৰ পৱিত্ৰ স্মৃতি জড়িত এই দিৱসৰ দিনা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি তেখেতসকলক শ্ৰদ্ধাৰে সুঁৱৰি, কৃতজ্ঞতা জনাই, তেখেতসকলৰ পথ অনুসৰণ কৰি, প্ৰত্যেকেই সৰু-বৰ, ব্যক্তিগত-ৰাজহুৱা কাম নিষ্ঠা আৰু সততাৰে সম্পাদন কৰাৰ, দেশৰ সৰ্বাংগিন উন্নতিৰ হকে আত্মনিয়োগ কৰাৰ সংকল্প ল’ব লাগিব৷ তেখেতসকলৰ প্ৰকৃত উত্তৰাধিকাৰী হ’বলৈ চেষ্টা কৰিব লাগিব৷ আমি সকলোৱে গভীৰ আত্মবিশ্লেষণ কৰিব লাগিব৷ বিগত বছৰবোৰত কৰি অহা ভুল-ত্ৰুটিবোৰৰ যাতে পুনৰাবৃত্তি নহয়,তাৰ প্ৰতি সচেষ্ট হ’ব লাগিব৷ কষ্টাৰ্জিত স্বাধীনতা লাভৰ কাৰ্যসূচী পালনৰ পৰা ৰাইজক বঞ্চিত কৰাৰ অথবা এই দিৱসক/ৰাষ্ট্ৰীয় পতাকাক অসন্মান/অপমান/অৱমাননা/তুচ্ছ-তাচ্ছিল্য কৰাৰ অধিকাৰ কাৰোৱেই নাই৷ সন্ত্ৰাসবাদী/বিচ্ছিন্নতাবাদী/দেশদ্ৰোহী বোৰৰ কথা সুকীয়া,কিন্তু আমি যিসকলে নিজকে দেশপ্ৰেমিক,ভাৰতীয় তথা ৰাষ্ট্ৰবাদীৰূপে গণ্য/গৌৰৱ কৰোঁ,তেওঁলোকে স্বাধীনতা দিৱস আৰু ৰাষ্ট্ৰীয় পতাকাখনৰ তাৎপৰ্য/মৰ্যাদা বুজি পোৱা/ৰক্ষা কৰা উচিত৷ মোৰ বিচাৰত দেশৰ তিনি বৰণীয়া ৰাষ্ট্ৰীয় পতাকা ‘ত্ৰিৰংগা’ খন আন যিকোনো পতাকাতকৈ শ্ৰেষ্ঠ আৰু ইয়াৰ সন্মান/গৌৰৱ ৰক্ষা কৰাটো প্ৰতিগৰাকী দেশবাসীৰে পৱিত্ৰ কৰ্তব্য৷ স্বাধীনতা দিৱস চৰকাৰ(অথবা কোনো দল-সংগঠন)ৰ পৈত্ৰিক সম্পত্তি নহয়৷ এই দিৱস ভাৰতবাসীৰ উমৈহতীয়া সম্পদ  সেয়ে,ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে স্বাধীনতা দিৱস পালনৰ লগত চৰকাৰ/শাসকক একাকাৰ কৰাটোও অযুক্তিকৰ৷ দেশ/ৰাইজৰ দুৰৱস্থা,শোষণ-বঞ্চনা আদিৰ বাবে ‘স্বাধীনতা দিৱস’ক দায়ী কৰাটো তাতোকৈ অযুক্তিকৰ৷ এই দিৱসক কোনো কাৰণতেই চৰকাৰ(বা অমুক-তমুক)ৰ বিৰুদ্ধে ক্ষোভ পালনৰ (এই প্ৰতিবাদ/বিক্ষোভ/ধৰ্মঘট/আন্দোলন আদিও শুভ-ফলদায়কহে হ’ব নালাগে জানো?) দিন ৰূপে ‘ব্যৱহাৰ’ কৰাটোও উচিত নহয়৷ যিসকল সাধাৰণ ৰাইজক বিচ্ছিন্নতাবাদী,তথাকথিত জাতীয়তাবাদীয়ে বিভ্ৰান্ত কৰিছে,সেইসকলক স্বাধীনতা দিৱসৰ প্ৰকৃত তাৎপৰ্য সম্পৰ্কে জ্ঞান প্ৰদান কৰাটো আমাৰেই দায়িত্ব৷

Abhijit VW Das

He is a 23 years old blogger who is always ready to help people digitally. He is a blogger since 2016. Besides, he had completed his Master Degree in English Literature.

Leave a Reply